কৰবী কুটিৰ

(পুলক জ্যোতি শৰ্মা)

ব্যস্ত মহানগৰীৰ ব্যস্ততম ৰাজপথ

গাড়ীৰ পৰা নামি খোজ দিলোঁ পদপথত

আস্ ! পদপথৰ কাষতে এইয়া কি এক বিৰল দৃশ্য

এটা দেখোন সৰু অসম-আৰ্হিৰ ঘৰ

কাষৰ সুউচ্চ পকী দালানবোৰৰ মাজত

মৰম লগাকৈ ঠেও ধৰি থিয় দি আছে

পদপথৰ কাষতে সীমাত এশাৰী হেইজ

মসৃণ ঘাঁহেৰে এখন সৰু আগচোতাল

কেইজোপামান ফুলগছ

আহ্ হা – ঠিক যেন সৌৰভ কুমাৰ চলিহাৰ বীনা-কুটিৰ

বীনা-কুটিৰতকৈ অৱশ্যে কিছু যত্নপালিত

আৰু বাৰান্দাৰ কাষত বীনাফুল বগোৱা নাই

বগাইছে এডাল লতাকৰবী – ফুলি আছে দুটামান হালধীয়া ফুল

নামফলক নাই – কি নাম বাৰু কুটিৰটোৰ

কৰবী-কুটিৰ নামটোৱেই খাপ খাব

সাঁজ লাগো লাগো

কৰবী-কুটিৰৰ ভেণ্টিলেটৰেদি ভিতৰৰ লাইটৰ পোহৰ সৰকি আহিছে

এতিয়াও কোনোবা থাকে তেনে কৰবী-কুটিৰত

দিনৰ শেষ পোহৰতো ধৰিব পাৰি

কৰবী-কুটিৰক আৰু কিছু মৰমৰ প্ৰয়োজন

টিনপাতবোৰত মামৰে ধৰিছে

অৰ্ধবৃত্তাকাৰে আগবাঢ়ি থকা খিৰিকীশাৰীৰ ওপৰৰ টিনপাতত কেইটামান ফুটা ওলাইছে

কাষৰ গেৰেজটো কিছু হেকেৰা হৈ পৰিছে


ব্যস্ত মহানগৰীৰ ব্যস্ততম বাণিজ্যপথত

কৰবী-কুটিৰ বাৰু আজিও কিয় থিয় হৈ আছে

খাপচাৰা বিসদৃশ হৈ অনেকৰ বাবে

প্ৰিয় গল্পকাৰজনৰ ভাৱবোৰ মোৰ বুকুৱেদি উজাই আহিল

কৰবী-কুটিৰত আজিও আছে এনে বংশধৰ

“ৰিইনফ’ৰ্চড কংক্ৰীটৰ ৰুচিবিবৰ্জিত আকাশচুম্বী ঔদ্ধত্যই যাক প্ৰভাৱিত নকৰে”

কৰবী-কুটিৰৰ লোভনীয় অৱস্থানৰ পৰা টকা-পইচা আহৰণ কৰাতকৈ

“যিসকলে এতিয়াও উপলব্ধি কৰে যে তাতকৈ সুন্দৰ কথা এটা শ্ৰদ্ধেয় স্মৃতি জীয়াই ৰখা,

তাতকৈ ডাঙৰ কথা আত্মাৰ নিশ্বাসৰ বাবে এটুকুৰা খোলা আকাশ,

প্ৰাণৰ স্পন্দনৰ বাবে এচাটি মুকলি বতাহ,

চকুৰ শ্ৰান্তিৰ বাবে এডৰা সেউজীয়া ঘাঁহনি,

এজোপা গছ য’ত মনৰ মুকুল ধৰিব”

মোৰ মন স্পন্দিত হ’ল – আস্ খাপচাৰা বিসদৃশ হ’লেও এনে মানুহ আজিও আছে

সন্দীহান মনে নিজকে সুধিলো –আছেনে –আছেনে বাৰু আজিও এনে মানুহ

নে বীণা-কুটিৰৰ দৰেই লোভনীয় অৱস্থানৰ কৰবী-কুটিৰ সহোদৰৰ মাজত তিক্ততাৰ কেন্দ্ৰ

কৰবী-কুটিৰৰ মালিকানাৰ যুঁজত আদালতৰ দ্বাৰস্থ

আদালতে মালিকানা নিশ্চিত কৰিলেই কৰবী-কুটিৰত পৰিব হাতুৰিৰ কোব

আৰু কুটিৰৰ শৱদেহৰ ওপৰত মূৰ দাঙি থিয় দিব টকা-পইচা ঝনঝনাই সৰা এটা আত্মাহীন উদ্ধত দালান

ক্ষীণ আশা এটি লৈ যে আজিও আছে কৰবী-কুটিৰক কৰবী-কুটিৰ কৰি ৰাখিব খোজা বংশধৰ

সোমাই পৰিলোঁ কৰবী-কুটিৰ পাৰ হৈ মহানগৰৰ ব্যস্ত বজাৰত

(মহানগৰীৰ এটা ব্যস্ত ৰাজপথত সুউচ্চ কংক্ৰীটৰ দালানবোৰৰ মাজত এটা সৰু অসম-আৰ্হিৰ ঘৰ দেখি গল্পকাৰ শ্ৰদ্ধেয় সৌৰভ কুমাৰ চলিহাৰ বীণা-কুটিৰ নামৰ প্ৰাণস্পৰ্শী গল্পটো মনত পৰিল ৷ উৰ্দ্ধকমাৰ ভিতৰৰ কথাখিনি বীণা-কুটিৰ গল্পটোৰ পৰা পোনেপোনে উদ্ধৃত ৷)


********